পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা সহ ৪ মহাকাশচাৰী । মহাকাশত সফলতাৰে সম্পূৰ্ণ ১৮ দিন কটাই সফলতাৰে অৱতৰণ পৃথিৱীত । Axiom-4 মহাকাশ অভিযান ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱৰ অধ্যায় ।
নাছাৰ সূত্ৰ অনুসৰি ১৫ জুলাই মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰে মহাকাশযানখনে । ড্ৰেগন কেপচুলটো উভতি অহাৰ পথত অৱতৰণ কৰাৰ আগতে মহাকাশত এক আৱেগিক বিদায়ী অনুষ্ঠান অনুষ্ঠিত হয় । ডক খুলি দিয়াৰ প্ৰায় ২২.৫ ঘণ্টাৰ পিছত কেলিফৰ্ণিয়া মহাসাগৰত অৱতৰণ কৰে তেওঁলোকৰ কেপচুলটো ।
ড্ৰেগন মহাকাশযানখনে ৫৮০ পাউণ্ডতকৈ অধিক সামগ্ৰী লৈ উভতি আহিছে, য’ত নাছাৰ হাৰ্ডৱেৰ আৰু অভিযানৰ সময়ত কৰা ৬০টাতকৈও অধিক পৰীক্ষাৰ তথ্যও আছে । শুভাংশুৰ উভতি অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল শুভাংশুৰ পৰিয়াল তথা সমগ্ৰ দেশবাসীয়ে । আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৮ দিনীয়া ঐতিহাসিক অভিযানৰ অন্তত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু এক্সিয়াম-৪ অভিযানৰ আন তিনিজন সদস্যৰ সৈতে নিৰাপদে পৃথিৱীলৈ সফল উভতনি ।