Braking

ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু”

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
DRDO য়ে জনোৱা অনুসৰি –
এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি।

এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।
নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি হ’ব প্ৰতি ঘণ্টাত প্ৰায় ১১ হাজাৰ কিলোমিটাৰ।
ভাৰতে প্ৰজেক্ট বিষ্ণুৰ জৰিয়তে আক্ৰমণাত্মক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাই নহয়, ইয়াৰ তলত এটা ইন্টাৰচেপ্টৰ মিছাইল ব্যৱস্থাও নিৰ্মাণ কৰা হ’ব।

ইয়াৰ লগতে ভাৰতে আন কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।
এই ক্ষেপণাস্ত্ৰসমূহত উন্নত নেভিগেচন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা থাকিব।
অৰ্থাৎ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতো ইয়াৰ লক্ষ্য মাজভাগত সলনি কৰিব পৰা যাব।
আনহাতে এই ক্ষেপণাস্ত্ৰসমূহ বন্ধ কৰাটো শত্ৰুৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব লগতে এই ক্ষেপণাস্ত্ৰসমূহৰ ৰেঞ্জ প্ৰায় ২০০০ কিলোমিটাৰ হ’ব।

MORE………..

  • NASAত জিলিকিল অসম সন্তান

    NASAত জিলিকিল অসম সন্তান

    অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । এজন যুৱকৰ সাফল্যই গৌৰৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা যুৱকজন আই অসমীৰ সুযোগ্য সন্তান তথা ৰঙিয়াৰ মেধাৱী ছাত্ৰ আৰিয়ান জিছান আহমেদে । দুটা নতুন গ্ৰহাণুৰ আৱিষ্কাৰক ৰঙিয়াৰ এইজন যুৱক যাৰ বাবে নাছাৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে আৰিয়ানে…

  • বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ

    বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ

    তীৰ্থনগৰী হাজোৰ হালোগাৱত খেতি পথাৰত দেখিবলৈ পোৱা গৈছে এক নান্দনিক দৃশ্য । বজাৰত কিনিবলৈ নোপোৱা ৰঙীন ছাতিয়ে জিলিকাইছে এখন পথাৰ । পথাৰখনত জিলিকিছে বহু ৰং বিৰঙী ছাতি । সহজে কিনিব নোৱাৰা এই ছাতিবোৰ তৈয়াৰ কৰা হৈছে অসমীয়াৰ স্বাভিমান গামোছা, পাট-মুগাৰ কাপোৰৰে তৈয়াৰ কৰা হৈছে । বিশেষকৈ দৰাৰ বাবে তেওঁ তৈয়াৰ কৰে এই থলুৱা সামগ্ৰীবোৰ ।…

  • বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী

    বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী

    বিকাশৰ বতৰা লৈ অসমত প্ৰধানমন্ত্ৰী I দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰথমদিনৰ কাৰ্য্যসূচী অনুসৰি ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে উপস্থিত হৈয়েই আদানীৰ উপস্থিতিত অত্যাধুনিক ৰূপত সজাই তোলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে । উল্লেখ্য যে অসমৰ বাঁহেৰে কপৌফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল । গুৱাহাটীৰ এই বিমান…

Leave a Reply