Braking

বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য

বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য

Ironman 70.3 ত বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য । নিজৰ শক্তি আৰু অধ্যৱসায়ৰে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে বলীউডৰ অভিনেত্ৰী সাইয়ামি খেৰ ।

৬ জুলাই তাৰিখে ছুইডেনৰ ইয়োনক’পিং চহৰত অনুষ্ঠিত কঠিন Ironman 70.3 triathlon প্ৰতিযোগিতাত অংশ লৈ বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰে পুনৰ বাৰ নাম উজলাবলৈ সক্ষম হয় ।

২০২৪ চনত জাৰ্মানীৰ বাৰ্লিনত তেওঁৰ প্ৰথমটো Ironman 70.3 সম্পূৰ্ণ কৰিছিল । একে বৰ্ষতে দুবাৰকৈ Ironman 70.3 সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় অভিনেত্ৰী সাইয়ামি ।

ছাইয়ামি খেৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী আৰু তেলেগু ছবিত কাম কৰে । খেৰে তেলেগু ছবি ‘Rey’ ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল ।

উল্লেখযোগ্য যে, Ironman 70.3 হৈছে বিশ্বৰ আটাইতকৈ কঠিন triathlon প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম । ইয়াত ১.৯ কিমি সাঁতোৰ , ৯০ কিমি চাইক্লিং আৰু ২১.১ কিমি দৌৰ অন্তৰ্ভুক্ত থাকে যাক এটা দিনতে সম্পূৰ্ণ কৰিব লাগে ।

Leave a Reply