Braking

ভাৰতীয় নাৰ্চ নিমিশা প্রিয়াক ১৬ জুলাইত য়েমেনত দিয়া হ’ব ফাঁচী

২০১৭ চনত তালাল আবদো মাহদী নামৰ এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়

মৃত্যুদণ্ডৰ অনুমোদন দিছিল য়েমেনৰ ৰাষ্ট্ৰপতি ৰাশাদ আল আলিমীয়ে

কিন্তু নিমিশা প্ৰিয়া কোন ?

নিমিশা প্ৰিয়া এগৰাকী ভাৰতীয় নাগৰিক আৰু কেৰালাৰ নিবাসী এগৰাকী নাৰ্চ আছিল।
তেওঁ ২০০৮ চনত তেওঁ তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে য়েমেন দেশলৈ গৈছিল
আৰু সেই দেশত কাম কৰাৰ সময়ত তেওঁ এজন স্থানীয় য়েমেনী ব্যক্তি তালাল আবদো মাহদীৰ দ্বাৰা অত্যাচাৰিত আৰু শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈছিল।

এই লোকজনে নিমিশা প্ৰিয়াৰ পাছপ’ৰ্ট কাঢ়ি লৈছিল আৰু তেওঁক জোৰ কৰি বিয়া কৰাবলৈ চেষ্টা কৰিছিল।
কিন্তু বহুদিন অত্যাচাৰ সহ্য কৰাৰ পাছত, ২০১৭ চনত নিমিশা প্ৰিয়াই আত্মৰক্ষাৰ বাবে তালাল আবদো মাহদীক বিষ মিশ্ৰিত ইনজেক্চন দি হত্যা কৰিছিল।

এই ঘটনাৰ পাছত য়েমেনত নিমিশা প্ৰিয়াক মৃত্যুদণ্ড দিয়া হয়।
এই ৰায়ৰ বিপক্ষে ভাৰতীয় চৰকাৰ আৰু বহু সমাজ সংগঠনে সক্ৰিয়ভাৱে চেষ্টা অব্যাহত ৰাখিছে। নিমিশাৰ মাতৃ আৰু কেইবাজনো সহানুভূতিশীল গোটে য়েমেন চৰকাৰৰ পৰা ক্ষমা আৰু মুক্তিৰ আবেদন জনাইছে।

Leave a Reply