Braking

গুৱাহাটীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ! প্ৰকৃততে কি হৈছিল ২৪ জুলাইৰ নিশা ?

মহানগৰীৰ আদাবাৰীৰ কামাখ্যা নগৰৰ বৰুৱা ভৱনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
শোৱাপাটিতে মৃত্যুক সাৱতি ল’লে মাতৃ-কন্যাই।

জানিব পৰা মতে, ওচৰৰ কোঠালিতে শুই আছিল যুৱতীগৰাকীৰ পিতৃ।
কিন্তু, তেওঁ অগ্নিকাণ্ডৰ বিষয়ে একো জানিব পৰা নাছিল বুলি মন্তব্য প্ৰকাশ কৰে যুৱতীগৰাকীৰ পিতৃয়ে ।

তথ্য অনুসৰি, ২৪ জুলাই বৃহস্পতিবাৰে পুৱা অঞ্চলটোৰ স্থানীয় ৰাইজে কোঠালিৰ পৰা ধোৱা ওলাই থকা দেখা পায়।
সেই কোঠালিৰ ওচৰতে শুই আছিল পিতৃ সুব্ৰত চক্ৰৱৰ্তী।
কিন্তু, তেওঁ ঘটনাৰ বিষয়ে অৱগত নাছিল।

হঠাতে ওচৰ-চুবুৰীয়াৰ চিঞৰ-বাখৰ শুনি পুৱা কোঠালিৰ দুৱাৰ খোলে পিতৃয়ে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।

কিন্তু তেতিয়ালৈকে মৃত্যু হয় মাতৃ-কন্যাৰ।
মৃত কন্যা শৰ্মিষ্ঠা চক্ৰৱৰ্তী ওৰফে পূজা আৰু মাতৃ দ্বীপশিখা চক্ৰৱৰ্তী বুলি চিনাক্ত হৈছে।
ঘটনা সন্দৰ্ভত পিতৃয়ে উল্লেখ কৰা অনুসৰি, কালি নিশা তিনিও একেলগে আহাৰ গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ নিজৰ কোঠালৈ শুব আহিছিল।

সুব্ৰত চক্ৰৱৰ্তীয়ে জনোৱামতে, কাছুৱাৰ পৰা জুইৰ সূত্ৰপাত হৈছিল।
তাৰ পাছতে গাৰু আৰু তুলিত জুই লাগি চাৰিওফালে বিয়পি পৰে বুলি তেঁও জানিবলৈ দিয়ে।
বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিক আৰু দণ্ডাধীশ।


ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে।

উদ্ধাৰ হোৱা মৃতদেহ দুটা অগ্নিদগ্ধ অৱস্থাত আছে যদিও মৃতদেহ দুটাত কিছুমান আঘাতৰ চিন স্পষ্ট হৈ আছে। ইয়াৰোপৰি সম্পূৰ্ণৰূপে জ্বলি যোৱা নাই মৃতদেহ দুটা।

লগতে,শৰীৰৰ ৫ ৰ পৰা ১০ শতাংশহে জ্বলি গৈছে। গতিকে এয়া কোনো হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে।

ইয়াৰোপৰি আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা মোবাইল আৰু টেবলেট উদ্ধাৰ কৰিছে আৰু ফৰেনচিকে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড তাক লৈ এতিয়াও ৰহস্যৰ সৃষ্টি হৈছে।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Leave a Reply