Braking

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় । শিক্ষানুষ্ঠানৰ সময়সূচী সম্পৰ্কে আহিছে নতুন জাননী I গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ সময় আহি পৰিছে । পুনৰ ৰাজ্যত খোলা হব সকলো শিক্ষানুষ্ঠান । গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’)ৰ পাঠদানৰ সময়সূচী সলনিৰ নতুন নির্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ । মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব…

Read More

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ…

Read More

সুগন্ধি পখিলাৰ কবি হীৰুদাৰ স্মৃতি সুঁৱৰি

“ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে ?” শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে | কবি মই নাছিলো কোনোকালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ সত্যক সহজে ল’বলৈ শিকালে | কবি মই নাছিলো কোনোকালে | আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰৰ  জন্মদিন । আধুনিক অসমীয়া কবিতাৰ এজন লেখত ল’বলগীয়া কবি হ’ল হীৰেন ভট্টাচাৰ্য ৷ হীৰেন ভট্টাচাৰ্য দেৱৰ…

Read More

সুৰাপায়ী ভাতৃক চোকা অস্ত্ৰৰে হত্যা

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গণকপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড । ভাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পংকজ দাস । ভাতৃ গুপ্তমনি দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ । সুৰাপায়ী পংকজ দাসৰ কাণ্ডত অতিষ্ঠ হৈ ভাতৃয়ে সংঘটিত কৰিলে এই কাণ্ড । প্ৰায়েই সুৰাৰ ৰাগীত মাতাল হৈ ঘৰখনত হাৰাশাস্তি কৰিছিল মৃত পংকজ দাসে । ভগ্নীৰ ভাষ্য অনুসৰি দুয়োজন ভাতৃৰ মাজত প্ৰায়েই কাজিয়া…

Read More

বিশ্বনাথৰ বামগাঁৱত ৬ সন্দেহজনক বাংলাদেশীক আটক

বিশ্বনাথৰ বামগাঁৱত সন্দেহজনক বাংলাদেশীক আটক ।  বিষ্ণু মন্দিৰৰ সমীপত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে ৬ সন্দেহজনক বাংলাদেশীক ধৃত কেইজনৰ ভিতৰত দুগৰাকী মহিলা, ৪জন পুৰুষ । ধৃত বাংলাদেশী কেইজন হৈছে ধৃত তহিজ্জ্বল পাৰামাণিক, মজিদুৰ শ্বেখ, ছৰিফুল পাৰামাণিক, ছফৰ উদ্দিন, আছমা খাতুন আৰু আবিদা খাতুন । লগতে জব্দ কৰা হৈছে এখন বাহন । স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ…

Read More

অসমৰ গৌৰৱ শ্বহীদ কেপ্তেইন জিন্টু গগৈ

‘অসমৰ কাৰ্গিল নায়ক’ জিন্টু গগৈৰ স্মৃতি সুঁৱৰি.. ১৯৯৯ চনৰ ২৬ জুলাই , দেশৰ ইতিহাসত সাহস, উৎসৰ্গা আৰু দেশপ্ৰেমৰ এক অবিস্মৰণীয় দিন । ভাৰতীয় স্থলসেনাই কাৰ্গিলৰ সুউচ্চ পাহাৰত হাড় কঁপোৱা শীতত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিল যুদ্ধত পৰাভূত কৰি সীমান্তত বিজয় ধ্বজা উৰুৱাইছিল । সেই যুদ্ধতে অগণন সেনানীৰ বলিদানৰ লগতে প্ৰাণ হেৰুৱাইছিল…

Read More

ডিব্ৰুগড়ত প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

ডিব্ৰুগড়ত প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ প্রায় ৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হব এই প্ৰেক্ষাগৃহ I কালি ডিব্ৰুগড়ত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ । ডিব্ৰুগড়ত প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ । দিছপুৰৰ লগতে ফেৰ মাৰিব পৰাকৈ সাজু কৰা হৈছে ডিব্ৰুগড়ক । ডিব্ৰগড়তো অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰচেষ্টা কৰিছে…

Read More

পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী

পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী । নিশা অহা এজাক বৰষুণতে বুৰিল গুৱাহাটীৰ পথ-উপপথ । পুনৰ গুৱাহাটীৰ বৃহত্তৰ অঞ্চল কৃত্রিম বানৰ কবলত । ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ , ৱায়াৰলেছ, হাতীগাঁৱৰ ৰাজপথ , শ্রীনগৰ,  ছাৰ্ভে, বেলতলাকে ধৰি কেইবাটাও অঞ্চল জলমগ্ন । কৃত্ৰিম বানৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা । এজাক বৰষুণতেই বানৰ কৱলত পৰা…

Read More

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ

বস্ত্ৰ নগৰী শুৱালকুছিত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন আন্তৰাষ্ট্ৰীয় কলা মহোৎসৱ ।  ১৬, ১৭ জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে সফল পৰিসমাপ্তি ঘটে অনুষ্ঠানটোৰ । নটৰাজ কলা কেন্দ্ৰ আৰু ৰিভী আন্তৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ । শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা হৈছিল অনুষ্ঠানটোৰ । শ্ৰীলংকাৰ পৰা অহা নৃত্য দলে শ্ৰীলংকাৰ থলুৱা নৃত্য প্ৰদশৰ্ন কৰে । শ্ৰীলংকাৰ লগতে…

Read More

শোৱাপাটীতে পটাগুটিৰে মৰিয়াই হত্যা পত্নীক

ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী । কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই…

Read More

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ স্বামীৰ এই কাণ্ড

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

এখন ভৰিৰে দেশ বিদেশত চাইকেল যাত্ৰা অসম সন্তানৰ

২০১২ চনৰ এটা দুৰ্ঘটনাতহেৰুৱাইছিল এখন ভৰি…. প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক  । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে ।  ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত…

Read More

ৰাজ্যবাসীলৈ সুখবৰ অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ…

Read More