ডুমডুমাত নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । পটাগুটিৰে মৰিয়াই পত্নীক হত্যা স্বামীৰ । মৃত মহিলা গৰাকী মণিকা মৰাণ । হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে হত্যাকাৰী কিশোৰ তাঁতী । হত্যাকাৰী কিশোৰ তাঁতী অসম বিদ্যুৎ বিতৰণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ।
কন্যাৰ ভাষ্য অনুসৰি অভিযুক্ত পিতৃয়ে প্ৰায়েই সন্দেহ কৰিছিল পত্নীক । সন্দেহবাদী পিতৃয়ে প্ৰায়েই অযথা কথাত পত্নীক সন্দেহ কৰি অত্যাচাৰ চলাইছিল ।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় মৃতদেহ । অভিযুক্তৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ অভিযান ।