পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ নাম ৰমলা কোঁৱৰ ।
দুদিন ধৰি ঘৰৰ ভিতৰতে পৰি আছিল ৰমলা কোঁৱৰৰ মৃতদেহ ৷ আত্মীয় লোকে বুধবাৰে নিশা ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে মৃতদেহ ৷ মৃতদেহত স্পষ্ট আছিল আঘাতৰ চিন ৷ ঘটনাস্থলী নিশাই উপস্থিত হয় আৰক্ষী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
মঙ্গলবাৰে পত্নীক হত্যা কৰি পাঁচবছৰীয়া সন্তানক লৈ বোকাখাতলৈ উধাও হৈছিল স্বামী ডিম্বেশ্বৰ গগৈ । ইতিমধ্যে বোকাখাটত আত্মসমৰ্পণ কৰে অভিযুক্তই । পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ ডিম্বেশ্বৰ গগৈৰ ৷