মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল ।
কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে ।
সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে ট্ৰাম্পে । নেটান্যাহুৱে ট্ৰাম্পক নোবেল বঁটাৰ বাবে মনোনীত কৰে । হোয়াইট হাউছত অনুষ্ঠিত বৈঠকত ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰে ইজৰাইলৰ নেতানিয়াহুৱে । ট্রাম্পলৈ শান্তিৰ নোবেল বঁটা প্ৰদানৰ আহ্বান জনাইছে ইজৰাইলৰ প্রধানমন্ত্রীয়ে ।
ইতিমধ্যে নোবেল বঁটা কমিটীলৈ পত্রযোগে প্ৰেৰণ কৰে । বৈঠকৰ আৰম্ভণিতে ট্ৰাম্পক এখন পত্ৰ উপহাৰ নেটান্যাহুৰ । মধ্যপ্ৰাচ্যৰ সংঘাতৰ অন্ত পেলোৱাৰ বাবে ট্ৰাম্পৰ প্ৰচেষ্টাক প্ৰশংসা কৰি পত্ৰখন প্ৰেৰণ কৰে।