শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ।
কিন্তু কি এই হেম ৰেডিঅ’ ?
হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা আৰু জ্ঞানৰ উদ্দেশ্যে , জৰুৰীকালীন বা SOS যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হয় । এটা নিৰ্দিষ্ট ফ্ৰিকুৱেন্সি , এটা ট্ৰেন্সচিভাৰ আৰু এডাল এন্টেনা ব্যৱহাৰ কৰি প্ৰশিক্ষিত হেম অপাৰেটৰে দুটা অনুজ্ঞাপত্ৰ প্ৰাপ্ত হেম ৰেডিঅ’ ৰ মাজত যোগাযোগ স্থাপন কৰিব পাৰে । ই অত্যন্ত ফলপ্ৰসূ আৰু যোগাযোগ স্থাপনৰ এক বিকল্প মাধ্যম ।
ভাৰতত ১২ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিৰে হেম ৰেডিঅ’ চলোৱাৰ অনুমতি আছে । ভাৰতত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই অনুজ্ঞাপত্ৰ প্ৰদান কৰে । হেম ৰেডিঅ’ অপাৰেটৰসকলে প্ৰায়ে স্থানীয় ক্লাব , অনুষ্ঠান আৰু প্ৰতিযোগিতাত ব্যৱহাৰ কৰে । লগতে এনে দৃষ্টান্তও আছে যে মানৱসৃষ্ট পৰিস্থিতি যেনে যুদ্ধ নাইবা প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্প , ঘূৰ্ণীবতাহ , বানপানীৰ বা অন্যান্য জৰুৰীকালীন অৱস্থাত যেতিয়া পৰম্পৰাগত যোগাযোগ পদ্ধতি উপলব্ধ নহয় তেতিয়া হেম ৰেডিঅ’ক গুৰুত্বপূৰ্ণ আহিলা ৰূপে ব্যৱহাৰ কৰা হয় ।
হেম ৰেডিঅ’ই অপাৰেটৰসকলক বিশ্বৰ আন দেশৰ সৈতে সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰে , যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বুজাবুজি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে । প্ৰথম বিশ্বযুদ্ধৰ পিছৰে পৰা হেম ৰেডিঅ’ ৰ প্ৰচলন আৰম্ভ হল । ভাৰতৰ ইতহাসত প্ৰথমবাৰৰ বাবে ১৯২১ চনত হেম ৰেডিঅ’ অপাৰেটৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল । ভাৰতৰ প্ৰথমজন হেম ৰেডিঅ’ অপাৰেটৰ জনৰ নাম আছিল অমৰেন্দ্ৰ চন্দ্ৰ গুপ্ত (Goopty) । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়চোৱাত হেম ৰেডিঅ’ অপাৰেটৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু প্ৰাকৃতিক দুৰ্যোগৰ তথা জৰুৰীকালীন সময়ছোৱাত যোগাযোগৰ বাবে গুৰুত্বপূৰ্ণ মাধ্যমত পৰিণত হয় । ভাৰতৰ ইতহাসত প্ৰথমবাৰৰ বাবে ১৯২১ চনত হেম ৰেডিঅ’ অপাৰেটৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল । ১৯৩০ চনৰ মাজভাগলৈকে ভাৰতত প্ৰায় ২০টা হেম ৰেডিঅ’ অপাৰেটৰ আছিল । উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিল অনুজ্ঞাপত্ৰপ্ৰাপ্ত অপেশাদাৰী ৰেডিঅ’ অপাৰেটৰ । তেওঁৰ কল চাইন আছিল VU2RG । ভাৰতৰ স্বাধীনতাৰ পিছৰ তিনিটা দশকত সেই সময়ৰ প্ৰধানমন্ত্ৰী তথা অপেশাদাৰী ৰেডিঅ’ অপাৰেটৰ ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনত বেতাঁৰ সঁজুলিৰ ওপৰত আমদানি শুল্ক ৰেহাই দিয়াৰ বাবে তেওঁক কৃতিত্ব দিয়া হয় যিয়ে ভাৰতত অপেশাদাৰী ৰেডিঅ’ৰ চখক প্ৰচাৰ কৰাত সহায় কৰিছিল । যাৰ বাবে হেম ৰেডিঅ’ অপাৰেটৰৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছিল ।
উল্লখ্য যে ভাৰতত সংঘটিত ২০০১ চনৰ ভূজ ভূমিকম্প , ২০০৪ চনৰ ভাৰত মহাসাগৰৰ ছুনামী , ২০১৩ চনৰ উত্তৰাখণ্ডৰ বানপানী আদিকে ধৰি এনেধৰণৰ দুৰ্যোগৰ সময়ত জৰুৰীকালীন যোগাযোগ স্থাপনৰ বাবে হেম ৰেডিঅ’ ব্যৱহাৰ কৰা হৈছিল । শুভাংশু শুক্লাৰ দৰে মহাকাশচাৰীয়ে এই প্ৰযুক্তি ব্যৱহাৰ কৰি পৃথিৱীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰা কাৰ্য্যই হেম ৰেডিঅ’ৰ সীমাহীন সম্ভাৱনাক পুনৰ দৃশ্যমান কৰি তোলে । ডিজিটেল যুগতো এই অপেশাদাৰী ৰেডিঅ’ই বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহৰ মাজত সংযোগ স্থাপন কৰাৰ এক গুৰুত্বপূৰ্ণ সঁজুলি ৰূপে পৰিগণিত হৈছে ।
হেম ৰেডিঅ’ৰ প্ৰচলনৰ প্ৰথম সময়চোৱাৰ পৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু বৰ্তমান ডিজিটেল যুগতো ই এক প্ৰাসংগিক চখ হৈয়ে আছে ।
হেম ৰেডিঅ’ৰ বিষয়ে আৰু অধিক জানিবলৈ ভিদিঅ’ লিংক টো ক্লিক কৰক…..