Braking

AREA 51 আজিও এক ৰহস্য ! কি আছে AREA 51ৰ ভিতৰভাগত !

প্ৰায়ে সময়ে AREA 51 ক লৈ উত্থাপিত হৈ বিভিন্ন প্ৰশ্ন

কিন্তু, Area 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদা প্ৰান্তৰ এখন অতি গোপনীয় সামৰিক ঘাঁটি।
এই স্থানটো লাছ ভেগাছৰ পৰা প্ৰায় ৮৩ কি:মি উত্তৰে অৱস্থিত।
ইয়াক Unit 51, Dreamland, আৰু Groom Lake বুলিও কোৱা হয়।

কিন্তু, বৰ্তমান সময়তও বিভিন্ন মানুহে Area 51 ত চৰকাৰে এলিয়েনৰ মৃতদেহ আৰু তেওঁলোকৰ প্ৰযুক্তি গোপনকৈ ৰখা বুলি দাবী কৰি আহিছে।
ইয়াৰ প্ৰধান কাৰণ হ’ল – বহু UFO সদৃশ আকাশী যান উৰি ফুৰা ঘটনা Area 51-ৰ কাষৰ অঞ্চলত ঘটিছে ।
ইয়াৰ লগতে, Area 51 অঞ্চলটোত কোনোবা লোকে অনুমতি অবিহনে সোমালে, বায়ু সেনাই কঠোৰ ব্যৱস্থা লয়।

লগতে, সম্পূৰ্ণ এলেকাটোৰ চাৰিওফালে নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থাৰে পৰিপূৰ্ণ হৈ আছে ।

এই অঞ্চটোৰ আশে- পাশে ফটো তোলা, ভিডিঅ’ ৰেকৰ্ডিং, আৰু ড্ৰোন উৰোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ আছে।
যাৰ ফলত মানুহৰ সন্দেহ অধিক বৃদ্ধি পাইছে।

কিন্তু, চৰকাৰে জনোৱা অনুসৰি –
Area 51 হৈছে এখন বাস্তৱিক সামৰিক পৰীক্ষাগাৰ।
য’ত সামৰিক বাহিনীৰ বিমান আৰু অস্ত্ৰ-সস্ত্ৰৰ বিভিন্ন ধৰণৰ পৰীক্ষা – নিৰীক্ষা কৰা এক গোপন ঠাই, আৰু সেইবাবে এই অঞ্চলটোৰ ভিতৰত নাইবা ইয়াৰ আশে- পাশে কোনো মানুহক যাবলৈ দিয়া নহয়।
ইয়াৰ লগতে Area 51 কেৱল সামৰিক বিমান পৰীক্ষাৰ বাবে নহয়, ইয়াত কিছুমান বিশেষ পৰীক্ষাগাৰ আৰু বৈজ্ঞানিক গৱেষণাৰ কেন্দ্র আছে বুলি কোৱা হয়।

আন কিছুমান ৰিপ’ৰ্টৰ মতে, ইয়াত অত্যাধুনিক গতিশক্তি প্ৰযুক্তি আৰু Anti-Gravity Technology-ৰ গৱেষণা কৰা হয়।

Area 51 অঞ্চলটো সুৰক্ষা বাহিনীৰ দ্বাৰা ২৪ ঘণ্টা পহৰা দি থকা হয়।

চেটেলাইট ইমেজত এই স্থানৰ ঘাঁটি স্পষ্টকৈ দেখা পোৱা নাযায়।
লগতে , আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়েই যে
যিসকল কৰ্মচাৰী বা বিজ্ঞানীয়ে ইয়াত কাম কৰে, তেওঁলোকেও গোপনীয়তা চুক্তিত স্বাক্ষৰ কৰে আৰু বাহিৰৰ জগতত কেতিয়াও Area 51 সন্দৰ্ভত আলোচনা কৰিব নোৱাৰিব।

আৰু এইবোৰ বিভিন্ন কাৰণত Area 51 আজিও ৰহস্যৰ আৱৰ্তত।

Leave a Reply