Braking

অৰ্চিতাক কোনে সজালে নীলা ছবিৰ নায়িকা ? কোনে ঘটিলে লাখে লাখে ধন ?

লেখক : নৱজিত ডেকা

প্ৰাক্তন প্ৰেমিকাক সজালে নীলা ছবিৰ নায়িকা ৷ এতিয়া আৰক্ষীৰ জালত পাষণ্ড প্ৰতিম বৰা ৷

নীলা ছবিৰ নায়িকা সজাই প্ৰতিশোধ ল’ব বিছাৰিছিল প্ৰাক্তন প্ৰেমিকে ৷ এগৰাকী বিবাহিত মহিলাৰ
সুখৰ সংসাৰ থানবান কৰিব বিচাৰিছিল ভণ্ড প্ৰেমিকে ৷ Cyber Crime ৰ বলি হ’ল ডিব্ৰুগড়ৰ অৰ্চিতা ফুকন ৷

সামাজিক মাধ্যম আৰু কিছু সংবাদ মাধ্যমেও ৰাতিটোৰ ভিতৰতে অৰ্চিতা ফুকনক সজালে নীলা ছবিৰ নায়িকা ৷ বিগত কেইটামান দিন ধৰি অৰ্চিতা ফুকন নামৰ বিবাহিত মহিলা এগৰাকী আমেৰিকাত পৰ্ণষ্টাৰ হ’বলৈ যোৱা খবৰ সামাজিক মাধ্যমত বিয়পি পৰিছিল ৷ আনকি অৰ্চিতাৰ এখন ফটো আমেৰিকাৰ এগৰাকী পৰ্ণষ্টাৰৰ সৈতে সংলগ্ন কৰি অৰ্চিতাই নিজৰ ইন্ষ্টাগ্ৰাম একাউন্টত আপলোড কৰা বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছিল ৷ যাৰবাবে এমাহ ধৰি মানসিক নিৰ্যাতনৰ বলি হৈছিল অৰ্চিতা ফুকনৰ পৰিয়াল ৷ একাংশ ডিজিটেল মিডিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈ নিউজ কৰিছিল যেন তেওঁলোকৰ হাতত আহি পৰিছে অৰ্চিতাৰ আমেৰিকাত নিৰ্মাণ কৰা নিষিদ্ধ ভিডিও ৷ ইমান তললৈ গৈছিল একাংশ ডিজিটেল মিডিয়া ৷

কিন্তু অৰ্চিতাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেহে যে তেওঁৰ ভণ্ড প্ৰেমিকে ৰচিছিল এখন প্ৰবঞ্চনাৰ নাটক সেইয়া কালিহে আহিল পোহৰলৈ ৷ তীব্ৰ মানসিক নিৰ্যাতনৰ বলি হৈ অৱশেষত অৰ্চিতাৰ পৰিয়াল কাষ চাপিল ডিব্ৰুগড় আৰক্ষীৰ ৷অসমৰ বাহিৰলৈ গৈ নোপোৱা অৰ্চিতা কেনেকৈ যাব পাৰে আমেৰিকা ৷ ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতাত কালি ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক ৷

এতিয়া তদন্তত ওলাই পৰিছে ভয়ংকৰ তথ্য ৷প্ৰতিশোধ ল’বৰ বাবে প্ৰতিম বৰাই ইন্ষ্টাগ্ৰাম ফেচবুক টেলিগ্ৰাম আৰু X ত খুলিছিল অৰ্চিতাৰ ফটো সংলগ্ন ভুৱা একাউন্ট ৷ ২০২০ চনৰ পৰাই যৌনগন্ধী ফটো আপলোড কৰি ধাৰাবাহিক ভাৱে অৰ্চিতাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে চাইবাৰ অপৰাধী প্ৰতিম বৰাই ৷শেহতীয়াকৈ AI generated ফটোৰে অৰ্চিতাৰ ফটো আমেৰিকান পৰ্ণষ্টাৰৰ লগত সংযুক্ত কৰি গোটেই অসমতে অৰ্চিতাক সজালে এগৰাকী নীলা ছবিৰ নায়িকা ৷আনকি দুই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ওলাল অৰ্চিতাৰ আমেৰিকা গমনৰ খবৰ ৷এতিয়া প্ৰতিম বৰাৰ বিৰুদ্ধে ২৩৪/২৫ ধাৰাত ৰুজু হৈছে গোচৰ ৷চাইবাৰ অপৰাধী প্ৰতিমে আৰু কিমান যুৱতী মহিলাৰ নামত ভুৱা একাউন্ট খুলি এনেদৰে মানসিক নিৰ্যাতন চলাই আছে আৰু সামাজিক মাধ্যমত নিজৰ ব্যৱসায় চলাই ধন অৰ্জন কৰি আছে ৷আৰক্ষীৰ শেহতীয়া তদন্তত পোহৰলৈ আহিছে যে প্ৰেমিকাৰ প্ৰতিশোধৰ লগতে সামাজিক মাধ্যমত অৰ্চিতাৰ নামত ভুৱা একাউন্ট খুলি এতিয়ালৈ দহ লাখ টকা উপাৰ্জন কৰিলে পাষণ্ড প্ৰতিমে ৷উল্লেখ্য যে প্ৰতিম বৰাও বিবাহিত পুৰুষ ৷

এতিয়া AI আপোনাৰ মোৰ জীৱনলৈও আনিব পাৰে বিপদ ৷AI ৰ সঠিক ব্যৱহাৰ নকৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে বিশ্ব ৷প্ৰতিম বৰাৰ দৰে এনে বহু চাইবাৰ অপৰাধী আছে যিয়ে যিকোনো মুহূৰ্তত যিকোনো যুৱতী বা মহিলাক সজাব পাৰে নীলা ছবিৰ নায়িকা ৷

Leave a Reply