ৰাজ্যত সংঘটিত হৈছে এক হত্যাকাণ্ড । পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ । জয়মতীনগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । পত্নী ৰহিমা খাতুনে হত্যা কৰি পুতি থ’লে গাঁতত । মৃত ব্যক্তিজনৰ নাম চবিয়াল ৰহমান ।আৰক্ষীক খবৰ দিয়াৰ উপস্থিত হৈ গাঁতৰ পৰা উলিয়াই অনা হয় মৃতদেহ । ফৰেনচিক দলৰ নেতৃত্বত আৰক্ষীসহ পত্নীক লৈ যোৱা হল উক্ত স্থানলৈ । ১৫ দিন পূৰ্বে হত্যা কৰি গাতত পুতি থৈছিল স্বামীক । সন্দেহ কৰিছিল স্থানীয় ৰাইজে । চবিয়াল ৰহমানৰ সন্ধান বিচাৰি এহেজাৰ দাখিল কৰিছিল চবিয়ালৰ পৰিয়ালে । অৱশেষত আত্মসমৰ্পন কৰে হত্যাকাৰীয়ে । সমগ্ৰ ঘটনা অৱগত কৰে আৰক্ষীক । আটক কৰা হৈছে হত্যাকাৰী ৰহিমা খাতুনক ।
স্থানীয় লোকৰ মতে অনৈতিক কাৰ্য্য কলাপৰ সৈতে জড়িত থকাৰ সন্দেহ । আনহাতে পাৰিবাৰিক সংঘাতৰ বাবেও সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ