সুদীৰ্ঘ বছৰৰ পিছত ভাৰতলৈ অনা হ’ল প্ৰৱঞ্চক মণিকাক । ১৪ বছৰ আমেৰিকাক কৰা অনুৰোধৰ পিছত আমেৰিকাই গতালে ভাৰতক । ১৯৯৮ত আমদানি-ৰপ্তানি কেলেংকাৰীত নাম সাঙোৰ খাইছিল। দুই ভাতৃৰ সৈতে ৰচিছিল কেলেংকাৰীৰ ৰচনা ।
“মনিকা অভাৰচিজ” নামৰ এটা প্ৰতিষ্ঠানৰ মালিক মনিকা কাপুৰে তেওঁৰ দুজন ভাতৃৰ সৈতে ১৯৯৮ চনত বেংকৰ বাবে ভুৱা শিপিং বিল, চালান আৰু ভুৱা ৰপ্তানিৰ নথি প্ৰস্তুত কৰিছিল । দুই ভাতৃ ৰাজন খান্না আৰু ৰাজীৱ খান্নাৰ সৈতে মিলি গহনা ব্যৱসায়ৰ বাবে নথি-পত্ৰ জাল কৰিছিল । এই নথি-পত্ৰৰ সহায়ত ভাৰত চৰকাৰৰ পৰা কেঁচামাল শুল্কমুক্ত আমদানিৰ অনুজ্ঞাপত্ৰ লাভ কৰা বুলি অভিযোগ উঠিছিল । ইয়াৰ পিছত তেওঁলোকে এই অনুজ্ঞাপত্ৰসমূহ প্ৰিমিয়ামত আহমেদাবাদৰ ডিপ এক্সপ’ৰ্টছ নামৰ প্ৰতিষ্ঠানটোক বিক্ৰী কৰিছিল, যিয়ে এই অনুজ্ঞাপত্ৰসমূহ শুল্কমুক্ত সোণ আমদানি কৰিবলৈ ব্যৱহাৰ কৰিছিল। এই অনিয়মৰ বাবে চৰকাৰৰ লোকচান হয় প্ৰায় ১.৪৪ কোটি টকা।
তদন্ত সম্পূৰ্ণ হোৱাৰ লগে লগে চিবিআইয়ে ২০০৪ চনত মণিকা কাপুৰ আৰু তেওঁৰ ভাতৃ ৰাজন আৰু ৰাজীৱৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল । ঘটনাৰ পিছতেই ১৯৯৯ চনত আমেৰিকালৈ পলায়ন কৰিছিল প্ৰৱঞ্চক মণিকাই | কাপুৰে তদন্ত আৰু বিচাৰত যোগদান নকৰাৰ বাবে ২০০৬ চনত তেওঁক পলাতক অপৰাধী হিচাপে ঘোষণা কৰা হয় | ২০১০ চনত তেওঁৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননীও জাৰি কৰা হৈছিল, সেই বছৰতে চিবিআইয়ে আমেৰিকা কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰিছিল । দিল্লীৰ স্থানীয় আদালতে ২০১৭ চনত ৰাজন আৰু ৰাজীৱক দোষী সাব্যস্ত কৰিছিল ।
২০১০ চনত কাপুৰক প্ৰত্যাৰ্পণৰ বাবে আমেৰিকাৰ কাষ চাপিছিল ভাৰতে কিন্তু ভাৰতলৈ আহিবলৈ ইচ্ছা নাছিল মনিকাৰ ।
আমেৰিকাৰ জিলা আদালতে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা দ্বিপাক্ষিক প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত তেওঁৰ প্ৰত্যাৰ্পণৰ অনুমতি দিছিল ।