য়েমেনত কাৰাবন্দী হৈ থকা কেৰালাৰ নাৰ্চ নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিয়াৰ কথা আছিল।
কিন্তু কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ কান্তপুৰম এ পি আবুবক্কৰ মুছলিয়াৰৰ হস্তক্ষেপৰ বাবে এই শাস্তি পিছুৱাই দিয়া হৈছে।
ইছলামিক আইন অনুসৰি হত্যাকাৰীক ক্ষমা কৰাৰ অধিকাৰ ভুক্তভোগীৰ পৰিয়ালৰ অধিকাৰ আছে বুলি কয় মুফতিয়ে।
আবুবক্কৰে কোৱা অনুসৰি ইছলামত এনে এক আইন আছে য’ত ভুক্তভোগীৰ পৰিয়ালে ইচ্ছা কৰিলে হত্যাকাৰীক ক্ষমা কৰি দিব পাৰে।
কাৰণ, ইছলাম এনে ধৰ্ম যিয়ে মানৱতাক অতিকৈ গুৰুত্ব দিয়ে।
গ্ৰেণ্ড মুফতি কান্থাপুৰমৰ মতে, তেওঁ হস্তক্ষেপ কৰিবলৈ য়েমেনৰ ইছলামিক পণ্ডিতসকলৰ সৈতে যোগাযোগ কৰিছিল।
সেই পণ্ডিতসকলে ভুক্তভোগীৰ পৰিয়ালক লগ কৰি তেওঁলোকৰ সৈতে কথা পাতিছিল।
এতিয়া ফাঁচীৰ তাৰিখ পিছুৱাই দিয়াৰ পিছতে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে চলি থকা আলোচনা আগুৱাই নিয়াৰ পথ মুকলি হৈছে।
গ্ৰেণ্ড মুফতী আৰু চুন্নী নেতা কান্থাপুৰাম এ পি আবুবক্কৰ মুছলিয়াৰেও নিজৰ ইনষ্টা হেণ্ডেলত য়েমেন চৰকাৰৰ এখন পত্ৰ শ্বেয়াৰ কৰিছে।
য’ত আৰবী ভাষাত লিখা আছে – এটৰ্নী জেনেৰেলৰ নিৰ্দেশনাৰ ভিত্তিত ২০২৫ চনৰ ১৬ জুলাই বুধবাৰে কাৰ্যকৰী হ’বলগীয়া নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড পিছুৱাই দিয়া হৈছে।
ফাঁচীৰ তাৰিখ পৰৱৰ্তী অধিসূচনা পৰ্যন্ত পিছুৱাই দিয়া হৈছে।”