দেশৰ বিৰুদ্ধে কি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল চাংগুৰ বাবা ওৰফে জালালুদ্দিনে
উত্তৰ প্ৰদেশ ATS ৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জালালুদ্দিনে চলাই আহিছিল সন্ত্ৰাসবাদী কেম্প
উত্তৰ প্ৰদেশৰ এটা ফেৰীৱালা ৷
চাইকেলেৰে ফেৰি কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈ
কেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক ৷ এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ প্ৰদেশ Anti Terrorist Squad ৰ জেৰাত ৷
ATS ৰ জেৰাত জালালুদ্দিনে কেনেকৈ হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰিছিল সেই ক’লা অধ্যায় পোহৰলৈ আহিছে ৷
এই চাংগুৰ ওৰফে জালালুদ্দিনে হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰিবলৈ পাতিছিল এক বৃহৎ জাল ৷
দেশৰ বিভিন্ন ৰাজ্যত জালালুদ্দিনৰ আছে তিনিহাজাৰ এজেন্ট ৷
বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, কৰ্ণাটক
আৰু মহাৰাষ্ট্ৰত ৷
জালালুদ্দিনৰ ধৰ্মান্তকৰণৰ কৌশল আছিল এই এজেন্ট সমুহ ৷
যিয়ে হিন্দু যুৱকৰ নাম লৈ হিন্দু যুৱতীসকলক প্ৰেমৰ জালত ফচাই হিন্দু হৈ বিয়া পাতে আৰু পৰৱৰ্তী সময়ত জোৰ জুলুম কৰি ইছলাম ধৰ্ম গ্ৰহন কৰিবলৈ বাধ্য কৰায় ৷
আৰু এই হিন্দু যুৱতী মহিলাসকলৰ অশ্লীল ভিডিও বনাই ব্লেকমেইলিং কৰে ৷
এই ৰেকেট চলাই আহিছে জালালুদ্দিনৰ পুত্ৰ মেহবুবে ৷
এই ৰেকেটৰ জালত পৰা এগৰাকী ভুক্তভোগী মহিলাই কয় যে – তেওঁক ৰুদ্ৰ নামৰ এগৰাকী যুৱকে চাংগুৰ বাবাৰ ওচৰলৈ লৈ গৈছিল আৰু বাবাই ৰুদ্ৰৰ লগত তেওঁক বিয়া পাতি দিছিল কিন্তু বিয়াৰ পিছতহে গম পালে যে তেওঁ ৰুদ্ৰ নহয় মিৰাজহে ৷
অৰ্থাৎ এগৰাকী মুছলমান ৷
মিৰাজৰ ঘৰত ভাৰতক এখন ইছলামিক ৰাষ্ট্ৰ গঢ়াৰ আলোচনা চলিছিল ৷
তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল৷
কিন্তু দৈৱক্ৰমে তেওঁ তাৰপৰা পলাই আহিবলৈ সক্ষম হৈছিল ৷
জালালুদ্দিনৰ এজেণ্ট কেৱল ভাৰততে নাই পাকিস্তান আৰু চৌদি আৰৱতো ক্ৰমে ৫০০ আৰু ১০০০ এজেণ্ট আছে ,যাৰবাবে বৃহৎ পৰিমানৰ আন্তৰাষ্ট্ৰীয় Funding লাভ কৰে জালালুদ্দিনে ৷
পাকিস্তান চৌদি আৰৱলৈ চালান দিয়ে ভাৰতৰ হিন্দু যুৱতী মহিলাক ৷
৫০০০ হাজাৰ হিন্দু যুৱতী বলি হ’ল এই ধৰ্মান্তকৰণৰ ৷
আৰ্থিক ভাৱে দুৰ্বল যুৱতী ,
পিছপৰা শ্ৰেণীৰ যুৱতীকে ধৰি উচ্চবৰ্ণৰ হিন্দু মহিলাও বলি হৈছে এই চক্ৰৰ ৷
এতিয়া ATS ৰ তথ্যত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷জালালুদ্দিনৰ আছে ISI সম্পৰ্ক ৷সম্পৰ্ক আছে বহু নিষিদ্ধ মুছলিম সংগঠনৰ সৈতে ৷
কালি জালালুদ্দিনৰ বলৰামপুৰস্থিত বাসগৃহত DM য়ে জাননী প্ৰেৰণ কৰে আৰু প্ৰশাসনে বাসগৃহটো ভাঙি দিয়ে৷
চাংগুৰ বাবাৰ বহুঠাইত বিলাসী অট্টালিকা বিলাসী গাড়ী আৰু অজস্ৰ সম্পত্তিয়ে এতিয়া সকলোৰে চকু কপালত উঠিছে ৷
জালালুদ্দিনৰ বেংক একাউণ্টত ২০০ কোটি টকাৰ লেনদেন ৷
নীতু আৰু নাচৰিন নামৰ মহিলা দুগৰাকীয়ে আন্তৰাষ্ট্ৰীয় ফাণ্ডিংৰ হিচাপ ৰাখে ৷
দুয়োগৰাকীকে এতিয়া জেৰা অব্যাহত ৰাখিছে ATS য়ে ৷
আটাইতকৈ ভয়লগা কথাটো হৈছে জালালুদ্দিনৰ চত্ৰছায়াতে সন্ত্ৰাসবাদীৰ কেম্প হৈ আছে তেওঁৰ এটা অট্টালিকা ৷
য’ত দেশবিৰোধী পৰিকল্পনা কৰা হয় ৷
নিজৰ দেশক যদি এই দৃষ্টিৰে চাব তেনেহলে কি কৰিব নোৱাৰিব এইসকল দেশদ্ৰোহীয়ে ৷
এতিয়া বহু জালালুদ্দিন দেশত ওলাব ৷
সময় থাকোঁতে এই দেশদ্ৰোহীবোৰক চিনি উলিয়াব নোৱাৰিলে অদুৰ ভৱিষ্যতে দেশ এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব ৷