Braking

Instagram Reels ত ব্যস্ত থকাৰ বাবেই পিতৃয়ে হত্যা কৰিলে নিজ কন্যাক

কোন দিছে গতি কৰিছে আজিৰ সমাজখনে ?

Instagram Reels ৰ আসক্তিয়েই মৃত্যু মাতিলে নেকি ৰাধিকাৰ ? Instagram Reels ৰ আসক্তি ইমানেই গুৰুতৰ অপৰাধ নেকি যাৰ বাবে পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হল নিজ কন্যাক ? নিজকে স্বাৱলম্বী ৰূপত প্ৰতিষ্ঠিত হোৱাটোৱেই ভুল হল নেকি ৰাধিকাৰ?

কালি হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন ব্যক্তিয়ে গুলীয়াই হত্যা কৰে নিজ কন্যাক । মৃত যুৱতী গৰাকীৰ নাম ৰাধিকা । হত্যাকাৰী পিতৃ দীপক যাদৱে ৩ জাই গুলীৰে থকা সৰকা কৰে ৰাধিকাক । ৫৬ নং ছেক্টৰৰ এছিয়া মাৰিংগো হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল । উল্লেখ্য যে ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান তাৰকা ।

কিন্তু কিয় হত্যা কৰিলে নিজ পিতৃয়ে ?

দীপক যাদৱে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । কিন্তু কিয় ? আৰক্ষীৰ জেৰাত হত্যাকাৰী পিতৃয়ে কয় যে তেওঁৰ কন্যা অৰ্থাৎ ৰাধিকা যাদৱ Instagram Reels আসক্ত আছিল । ইনষ্টাগ্ৰাম ৰীলত অধিক মগ্ন হৈ পৰাত খঙত অগ্নিশৰ্মা হৈ ৩ জাই গুলীৰে গুলীয়াই হত্যা কৰে । কিন্তু জেৰাত ওলাই পৰিছে ন ন তথ্য ।
আৰ্থিকভাৱে স্বাৱলম্বী ৰাধিকাই টেনিছ খেলুৱৈৰ লগতে Instagram ত Video বনাই টকা উপাৰ্জন কৰিছিল । আন মানুহে এই কথা ক’লেই স্বাভিমানত আঘাত লাগে ৰাধিকাৰ পিতৃৰ । সেইবাবেই স্ব ইচ্ছাই নিজ কন্যাক হত্যাৰ সিদ্ধান্ত লৈছিল পিত্ৰুয়ে ।

দীপক যাদৱে ক’ত পালে মৰণাস্ত্ৰ ?

দীপক যাদৱৰ আছিল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰিভলভাৰ , সেই ৰিভলভাৰেৰে হত্যা কৰিবলৈ কুন্থাবোধ নকৰিলে কন্যা ৰাধিকাক । আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দীপক যাদৱক ।

এই কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁৰ মাতৃয়ে কি কৰিছিল ?

মৃতকৰ ককাক কুলদীপ যাদৱৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা FIR অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰৰ প্ৰথম মহলাত ৰাধিকাৰ মাতৃ মঞ্জু যাদৱ উপস্থিত আছিল । প্ৰেচাৰ কুকাৰৰ বিস্ফোৰণৰ বুলিহে ভাবিছিল মাতৃয়ে ।

ছেক্টৰ ৫৬ থানাৰ SHO ইন্সপেক্টৰ বিনোদ কুমাৰে কয় যে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । পৰিয়ালৰ লোককো জেৰা কৰিছে আৰক্ষীয়ে । এই ঘটনা কেৱল Intsagram reels আসক্তিৰ বাবেই ঘটিছিল নে ইয়াত লুকাই আছে অন্য কিবা ৰহস্য ? সেইয়া সময়েহে কব ।

Leave a Reply