কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী।
য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে।
২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।
মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।
ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত তালাল আব্দো মেহদী নামৰ লোকজনৰ সংস্পৰ্শলৈ আহিছিল। ব্যৱসায় আৰম্ভ কৰিবলৈ নিমিষাৰ বাবে মেহদীৰ সংস্পৰ্শলৈ অহাটো প্ৰয়োজনীয় আছিল, কাৰণ য়েমেনৰ নিয়ম অনুসৰি ব্যৱসায় আৰম্ভ কৰিবলৈ স্থানীয় ব্যক্তিৰ সৈতে অংশীদাৰিত্ব কৰাটো বাধ্যতামূলক।
কিন্তু , মেহদীৰ সংস্পৰ্শলৈ অহাৰ পিছতে নিমিষাৰ তেওঁৰ সৈতে কাজিয়া হয়।
এই কাজিয়া ইমানেই তীব্ৰতৰ হৈ পৰিল যে নিমিষাই মেহদীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
আৰু ইয়াৰ পিছত ২০১৬ চনত মেহদীক গ্ৰেপ্তাৰ কৰা হয় যদিও পিছত জেলৰ পৰা মুকলি কৰি দিয়া হয়।
অভিযোগ অনুসৰি মুক্তিৰ পিছত মেহদীয়ে নিমিষাক বিভিন্ন ভাবুকি দি আহিছিল।
আনহাতে নিমিষাৰ পৰিয়ালে দাবী কৰা অনুসৰি মেহদীয়ে তেওঁৰ পাছপ’ৰ্ট জব্দ কৰিছিল।
ইয়াৰ পিছত নিমিষাই মেহদীক জব্দ কৰা পাছপ’ৰ্ট ঘূৰাই পাবলৈ এনাস্থেটিক বেজী দিয়াৰ অভিযোগ উঠে।
অৱশ্যে অতিমাত্ৰা ড’জৰ বাবেই মেহদীৰ মৃত্যু হয়।
মেহদীৰ মৃত্যুৰ পিছত নিমিষাই য়েমেনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
বৰ্তমান নিমিষাক হুথীৰ নিয়ন্ত্ৰণত থকা দেশখনৰ ৰাজধানী ছানাৰ এখন কাৰাগাৰত ৰখা হৈছে।
ইয়াৰ পিছত ২০১৮ চনত নিমিষাক মেহদীৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়।
বিচাৰ আদালতে তেওঁক য়েমেনৰ এগৰাকী নাগৰিকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে, তাৰ পিছত ২০২৩ চনৰ নৱেম্বৰ মাহত দেশখনৰ উচ্চতম ন্যায়িক পৰিষদেও এই সিদ্ধান্ত গ্ৰহণ কৰে।
যোৱা বছৰ য়েমেনৰ ৰাষ্ট্ৰপতিয়ে কেৰালাৰ নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত অনুমোদন জনাইছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, যোৱা বছৰৰ পৰাই তেওঁলোকে এই গোচৰটো নিৰীক্ষণ কৰি আহিছে।
স্থানীয় কৰ্তৃপক্ষৰ লগতে নিমিষাৰ পৰিয়ালৰ সদস্যৰ সৈতে অহৰহ যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।
নিমিষাৰ ন্যায় বিচাৰি ৰাজনীতিবিদ, ব্যৱসায়ী, কৰ্মী আৰু প্ৰব্ৰজনকাৰী মঞ্চৰ অংশ হৈ থকা অধিবক্তা সুভাষ চন্দ্ৰনে কয় যে কোচিত ঘৰুৱা সহায়ক হিচাপে কাম কৰা নিমিষাৰ মাতৃয়ে এই গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰ বিক্ৰী কৰিছিল।
জানুৱাৰী মাহত কেন্দ্ৰই এই গোচৰটো তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি পৰিয়ালটোক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা বুলি জনাইছিল।
“ভাৰত আৰু কেৰালা চৰকাৰৰ লগতে নিমিষাক উদ্ধাৰৰ বাবে গঠন কৰা কমিটীয়ে এতিয়ালৈকে অহৰহ চেষ্টা চলাই আছে।