নিয়তিৰ ওচৰত হাৰ মানিলে ‘Sleeping Prince’
ছৌদি আৰৱৰ ‘Sleeping Prince’ নামেৰে জনাজাত আছিল আলৱালিদ বিন খালেদ বিন তালাল । ২০ বছৰ ধৰি ক’মাত আছিল আলৱালিদ বিন খালেদ বিন তালাল । ৩৬ বছৰ বয়সত মৃত্যু হয় চৌদি আৰৱৰ ‘Sleeping Prince’ ৰ মৃত্যু !
২০০৫ চনত লণ্ডনৰ গাড়ী দুৰ্ঘটনাত পতিত হয়
১৯৯০ চনৰ ১৮ এপ্ৰিলত ৰাজকুমাৰ আলৱালিদ বিন খালেদ বিন তালালৰ জন্ম হৈছিল । তেওঁ আছিল ছৌদি ৰাজপৰিয়ালৰ বিশিষ্ট সদস্য । ৰাজকুমাৰ খালেদ বিন তালাল আল ছাউদৰ জ্যেষ্ঠ পুত্ৰ। কোটিপতি ৰাজকুমাৰ আলৱালিদ বিন তালালৰ ভতিজাক । ২০০৫ চনত লণ্ডনৰ এখন সামৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে গাড়ী দুৰ্ঘটনাত পতিত হয় । তেতিয়া ৰাজকুমাৰৰ বয়স আছিল মাত্ৰ ১৫ বছৰ । দুৰ্ঘটনাটোৰ ফলত মগজুত গুৰুতৰ আঘাত পায় , য’ত মগজুৰ ৰক্তক্ষৰণ আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণৰ ফলত তেওঁ সম্পূৰ্ণ ক’মালৈ যায় । তেওঁক ৰিয়াদৰ ৰজা আব্দুলজিজ মেডিকেল চিটিলৈ লৈ যোৱা হয় আৰু তাত তেওঁক ভেণ্টিলেটৰ আৰু ফিডিং টিউবত ৰখা হয় ।
ক’মাত কটোৱা ২০ বছৰ ধৰি ৰাজকুমাৰ আলৱালিদে ৰিয়াদত অহৰহ চিকিৎসা সেৱাৰ অধীনত থাকিল
তেওঁৰ পৰিয়ালে সমগ্ৰ বিশ্বৰ বিশেষজ্ঞৰ পৰা চিকিৎসাৰ সহায় বিচাৰিছিল যদিও সকলো প্ৰচেষ্টাৰ পিছতো ৰাজকুমাৰ আলৱালিদে মৃত্যু পৰ্য্যন্ত অচেতন হৈয়েই থাকিল । ২০১৫ চনত চিকিৎসকে পৰিয়ালটোক Life Support ৰ অন্ত পেলোৱাৰ পৰামৰ্শ দিছিল যদিও তেওঁৰ পিতৃ ৰাজকুমাৰ খালেদে সম্ভাৱ্য আৰোগ্যৰ ওপৰত বিশ্বাস ৰাখি দৃঢ়তাৰে নাকচ কৰিছিল । ২০১৯ চনত আঙুলি আৰু মূৰৰ সামান্য লৰচৰ কৰিছিল , যাৰ বাবে শাৰীৰিক সঁহাৰিয়ে পৰিয়ালৰ মাজত চমু আশাৰ সঞ্চাৰ কৰিছিল যদিও তেওঁৰ অৱস্থাৰ উন্নতি হোৱা নাছিল । ক’মাত কটোৱা ২০ বছৰ ধৰি ৰাজকুমাৰ আলৱালিদে ৰিয়াদত অহৰহ চিকিৎসা সেৱাৰ অধীনত থাকিল । তেওঁৰ পিতৃ ৰাজকুমাৰ খালেদ বিন তালালে কেতিয়াও আশা এৰি দিয়া নাছিল ।