Braking

বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লেখক : নৱজিত ডেকা

আকৌ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I বিশ্বৰ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতাৰ শীৰ্ষস্থানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী I ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া Most trusted leader in the world.

কালি ইন্দিৰা গান্ধীৰ অভিলেখক চেৰ পেলাই ভাৰতৰ দীৰ্ঘকালৰ প্ৰধানমন্ত্ৰীৰ ২য় স্থানত উপনীত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আনহাতে আমেৰিকাৰ এটি সংস্থা Morning consult ৰ সমীক্ষাত বিশ্বৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আনহাতে দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং আৰু তৃতীয় স্থানত আছে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই , চতুৰ্থ স্থানত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নেই,পঞ্চম স্থানত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেছ, ষষ্ঠ স্থানত মেক্সিকোৰ প্ৰধানমন্ত্ৰী ক্লাউদিয়া ছেইনবাম,সপ্তম স্থানত Swiss confederation ৰ ৰাষ্ট্ৰপতি কেৰিন কেলাৰ চাটাৰ আৰু তালিকাৰ অষ্টম স্থানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৷

জনপ্ৰিয় নেতাৰ তালিকাৰ অষ্টম স্থানলৈ অৱনমিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। সংস্থাটোৱে চলোৱা সমীক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ পইন্ট লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰ Morning Consult-এ চলোৱা এক সমীক্ষাত পাইছে এই তথ্য। ৪ জুলাইৰ পৰা ১০ জুলাইৰ ভিতৰত সম্পন্ন হৈছিল এই সমীক্ষা। সমীক্ষাত বিশ্বৰ ২০খন দেশৰ নেতাক সাঙুৰি লোৱা হৈছিল। উল্লেখ্য যে এই সমীক্ষাত ৭৫শতাংশ লোকে প্ৰধানমন্ত্ৰী মোদীক সবাতোকৈ জনপ্ৰিয় নেতা হিচাপে বিবেচনা কৰিছে।

বিজেপি নেতা অমিত মালভিয়াই এক্সত এই তথ্য শ্বেয়াৰ কৰি লিখিছে যে এক বিলিয়নৰো অধিক ভাৰতীয়ৰ প্ৰিয় আৰু সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে সন্মান কৰা পিএম নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ মৰ্নিং কনছাল্ট গ্ল’বেল লিডাৰ এপ্ৰ’ভেল ট্ৰেকাৰত শীৰ্ষস্থান দখল কৰিছে I বিশ্বজুৰি সৰ্বোচ্চ ৰেটিং পোৱা আৰু আটাইতকৈ বিশ্বাসযোগ্য নেতা।

Leave a Reply