ভাৰতৰ বাবে এক দুঃখবৰ । ভাৰতক বিশ্বাসঘাতকতা কৰিলে ব্ৰাজিলে । ভাৰতৰ প্ৰতিৰক্ষা বায়ু ক্ষেপণাস্ত্র ব্যৱস্থা সন্দৰ্ভত ভাৰতৰ সৈতে সকলো আলোচনা বন্ধ কৰিছে ব্রাজিলে ।
ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰচেষ্টাত আঘাত হানিলে ব্রাজিলে । আকাশ ক্ষেপণাস্ত্র ব্যৱস্থা অধিগ্ৰহণৰ বাবে ভাৰতৰ সৈতে আলোচনা বন্ধ কৰি দিয়াৰ খবৰ আহিছে । বৰঞ্চ এতিয়া দেশখনে ইউৰোপীয় প্ৰতিৰক্ষা কোম্পানী MBDA ৰ সৈতে ইয়াৰ এনহান্সড মডুলাৰ এয়াৰ ডিফেন্স ছলিউচনছ (EMADS) ৰ বাবে চুক্তিবদ্ধ হৈছে ।
ভাৰতে কেইবাটাও প্ৰতিৰক্ষা মঞ্চ আগবঢ়োৱাৰ পিছতো এই সিদ্ধান্ত লৈছে ব্ৰাজিলে । ব্রাজিলৰ এই পৰিৱৰ্তনৰ কাৰণ হৈছে EMADS ৰ দীৰ্ঘ দূৰত্ব আৰু প্ৰমাণিত প্ৰদৰ্শন । ইতিমধ্যে ব্রাজিলৰ সেনাই MBDA ৰ EMADS ব্যৱস্থাৰ বাবে চুক্তিৰ আলোচনাত মিলিত হৈছে ।
ব্রাজিলৰ সেনাবাহিনীৰ এজন বিষয়াৰ উদ্ধৃতি দি CNN ব্রাজিলে প্ৰকাশ কৰা তথ্য অনুসৰি ব্রাজিলে ইউৰোপৰ পৰা ক্ষেপণাস্ত্র ক্ৰয়ৰ বাবে ৫ বিলিয়ন ডলাৰ (প্ৰায় ৯২ কোটি মার্কিন ডলাৰ) চুক্তিবদ্ধ হোৱাৰ বাবে আলোচনা কৰি আছে । এই ব্যৱস্থাত কমন এন্টি এয়াৰ মডুলাৰ মিছাইল – এক্সটেন্ডেড ৰেঞ্জ (CAMM-ER) অন্তর্ভুক্ত কৰা হৈছে , যাৰ ৰেঞ্জ ৪০ কিলোমিটাৰতকৈও অধিক। তাৰ তুলনাত ভাৰতৰ আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ৰেঞ্জ ২৫-৩০ কিলোমিটাৰ।
CAMM-ER সক্ৰিয় ৰেডিঅ’ ফ্রিকুৱেন্সি ছিকাৰেৰে সজ্জিত আৰু সকলো বতৰতে ফলপ্রসূভাৱে কাম কৰে। এই ক্ষেপণাস্ত্ৰৰ দৈৰ্ঘ্য ৪.২ মিটাৰ, ওজন প্রায় ১৬০ কিলোগ্রাম আৰু ই ছুপাৰছনিক গতিৰে যাত্ৰা কৰে। আকাশ মিছাইল ব্যৱস্থাৰ সৈতে তুলনা কৰিলে দেখা যায় যে আকাশ ক্ষেপণাস্ত্র ব্যৱস্থাই ৪.৫ কিলোমিটাৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বহে অতিক্ৰম কৰে । উৎকৃষ্টমানৰ প্ৰদৰ্শনৰ অভাৱৰ বাবেই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।