Braking

কুকুৰৰ বাবে ২.৮৮ কোটি টকীয়া এখন আঁচনি কোনখন ৰাজ্যই গ্ৰহণ কৰিলে এই আঁচনি ?

ৰাজপথৰ কুকুৰৰ বাবে বেংগালুৰুত আৰম্ভ হৈছে এক নতুন আঁচনি । দেশত বৃদ্ধি পাইছে কুকুৰে কামোৰাৰ ঘটনা । সেইবাবে এক ব্যতিক্ৰমী পদক্ষেপ কৰ্ণাটক চৰকাৰৰ ।

পশু কল্যাণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ লক্ষ্যৰে এক অনন্য পদক্ষেপ বেংগালুৰুৰ নাগৰিক সংস্থা Bruhat Bengaluru Mahanagar Palike (BBMP) য়ে দৈনিক ৫,০০০ৰো অধিক ৰাজপথৰ কুকুৰক খুৱাবলৈ ২.৮৮ কোটি টকীয়া আঁচনি আৰম্ভ কৰিছে।

এই প্ৰকল্পৰ অধীনত প্ৰতিটো পদপথৰ কুকুৰক ৩৬৭ গ্ৰাম কুকুৰাৰ চাউল দিয়া হ’ব যাৰ বাবে প্ৰতিটো আহাৰত ২২ টকাকৈ খৰচ হ’ব । বিগত ছয় মাহত মহানগৰীত ১৩,৭৪৮টা কুকুৰে মানুহ কামোৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে এই আঁচনিখন আৰম্ভ কৰা হয় ।

বিশেষজ্ঞসকলে কয় যে ভোকৰ বাবেই  কুকুৰৰ মাজত আক্ৰমণাত্মকতা বৃদ্ধি পায় । এই প্ৰকল্পটো ‘কুক্কুৰ তিহাৰ অভিযান’ৰ অংশ আৰু ইয়াৰ লক্ষ্য হৈছে বাসিন্দাসকলৰ ওপৰত হোৱা আক্ৰমণ হ্ৰাস কৰাৰ লগতে বিপথগামী জীৱ-জন্তুৰ স্বাস্থ্য উন্নত কৰা ।

Leave a Reply