Braking

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য ।

ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ পৰা সমগ্ৰ দেশৰ সকলো ৭৪ হাজাৰ যাত্ৰীবাহী ডবা আৰু ১৫ হাজাৰ ইঞ্জিনত চিচিটিভি কেমেৰা সংস্থাপনৰ ঘোষণা কৰিছে ।

২০২৫ চনৰ ১২ জুলাইত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ পিছতেই  গ্ৰহণ কৰা হয় এই সিদ্ধান্ত  ।

চুৰি ডকাইতৰ দৰে দুস্কাৰ্য্য ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত ভাৰতীয় ৰে’লসেৱাৰ । যাত্ৰীৰ গতিবিধি নিৰীক্ষণ আৰু সম্ভাৱ্য দুষ্কৃতিকাৰীক বাধা দিবলৈ প্ৰৱেশদ্বাৰ আৰু সাধাৰণ কৰিডৰত কৌশলগতভাৱে স্থাপন কৰা হব চাৰিটা গম্বুজ ধৰণৰ চিচিটিভি কেমেৰা । প্ৰতিটো দবাত সাধাৰণ কৰিডৰ আৰু প্ৰৱেশদ্বাৰত চাৰিটা হাই-ডেফিনিশ্যন ড’ম কেমেৰা লগোৱা হ’ব, আনহাতে প্ৰতিটো ইঞ্জিনত ছটা কেমেৰা আৰু দুটা মাইক্ৰ’ফোন থাকিব যাতে ৰিয়েল টাইম নিৰীক্ষণ কৰিব পৰা যায় ।

ঘণ্টাত ১০০ কিলোমিটাৰতকৈ অধিক গতিবেগত বা কম পোহৰৰ পৰিস্থিতিতো স্থায়িত্ব আৰু উচ্চমানৰ ফুটেজ দৃশ্যমান হব । ৰাজহুৱা সুৰক্ষা আৰু ব্যক্তিগত গোপনীয়তা সুৰক্ষাৰ সুবিধাৰ্থে কেৱল ৰাজহুৱা স্থানতহে স্থাপন কৰা হ’ব কেমেৰা । ৰে’লৱেৰ বিষয়াসকলে লগতে আশ্বাস দিয়ে যে গোপনীয়তা সম্পূৰ্ণভাৱে বজাই ৰখা হ’ব । নিশ্চিতভাৱে এইয়া যাত্ৰী সকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

Leave a Reply