মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । তেওঁৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ ছাঁ পৰিছে ।
বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । সোমবাৰে এটা পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৪ বছৰ ।
পাঠানকোট-জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী জলন্ধৰৰ নিজ গাঁও ব্যাস পিণ্ডৰ সমীপত খোজ কাঢ়ি ৰাস্তা পাৰ হোৱাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় দৌৰবিদ গৰাকীৰ ।
একাংশ যুৱকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় । ফৌজা সিঙক ‘টাৰ্বানেড টৰ্নেডো’ বুলি জনা গৈছিল ।
৯০ বছৰ বয়সত প্ৰথম মাৰাথন দৌৰ সম্পূৰ্ণ কৰিছিল । ১৯৯২ চনত পত্নী গিয়ান কৌৰৰ মৃত্যুৰ পিছত ফৌজা সিং ইংলেণ্ডলৈ গুচি যায় আৰু পুত্ৰ কুলদীপৰ সৈতে ইষ্ট লণ্ডনত বসতি স্থাপন কৰে । ১৯৯৪ চনত পুত্ৰৰ মৃত্যুৰ শোক দূৰ কৰিবলৈ তেওঁ দৌৰ আৰম্ভ কৰি আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ হিচাপে পৰিগণিত হৈছিল । ২০০৪ চনত ৯৩ বছৰ বয়সত লণ্ডন মাৰাথন দৌৰ সম্পূৰ্ণ কৰে । ২০১১ চনত ১০০ বছৰ বয়সত টৰন্টো মাৰাথন দৌৰ সম্পূৰ্ণ কৰি ১০০ প্লাছ শাখাত অভিলেখ গঢ়িছিল ।