দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা ।
চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ ।
ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড । মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । উত্তেজিত ৰাইজে ঘেৰাও কৰি ৰাখিছে অভিযুক্ত মদনৰ ঘৰ । উত্তেজিত ৰাইজে জ্বলাই দিয়ে মদনৰ বাইকসহ যাৱতীয় সামগ্ৰী ।
মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত ।