নিয়মীয়া বাৰ্তা, সোণতলী, ১১ মে’ : কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ খাৰিদল অঞ্চলত কলহী নৈৰ ওপৰত এখন স্থায়ী দলং নথকাৰ বাবে প্ৰতিদিনেই শ শ গঞা ৰাইজে মৰণত শৰণ দি নৈ পাৰাপাৰ হ’বলগীয়া হৈছে। নাৱৰীয়া অবিহনে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে।
আচৰিত কথাটো হ’ল যে নাওখনত কোনো নাৱৰীয়া নাই। উল্লেখ্য যে নৈখনৰ দুয়োপাৰে এডাল দীঘলীয়া ৰছী আছে। যাত্ৰীসকলে নিজেই সেই ৰছীডাল টানি টানি নাওখন ইপাৰৰ পৰা সিপাৰলৈ লৈ যাবলগীয়া হৈছে। বিশেষকৈ বাৰিষাৰ সময়ত নৈৰ পানী বাঢ়িলে এই যাত্ৰা অধিক ভয়ংকৰ হৈ পৰে। যিকোনো মুহূৰ্ততে ৰছী ছিঙি এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।বিভিন্ন বিদ্যালয়লৈ যোৱা কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ভয়াৱহ কলহী নৈৰ বুকুত মৰণত শৰণ দি দৈনিক স্কুল-কলেজলৈ যাব লগা হৈছে।
তদুপৰি অঞ্চলৰ খেতিয়কসকলৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। কেইবাটাও অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে। বছৰ বছৰ ধৰি টুলুঙা নাৱেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। নৈৰ ওপৰত দলং নথকাৰ ফলত জৰুৰীকালীন অৱস্থাত কোনো সংকটজনক ৰোগী বা গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াটো এই অঞ্চলৰ বাবে এক অসম্ভৱ কাম হৈ পৰিছে।সংকটজনক ৰোগীক নাওখনৰ জৰিয়তে চিকিৎসালয়লৈ নিবলগীয়া হয়।
ৰাইজৰ অভিযোগ অনুসৰি, বছৰ বছৰ ধৰি চলি থকা এই সমস্যাটো সমষ্টিটোৰ বিধায়কৰ দৃষ্টিগোচৰ হোৱা নাই। নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিলেও বাস্তৱত খাৰিদলবাসীৰ বাবে এতিয়াও এখন পকী দলং সপোন হৈয়েই আছে।
The post গৰৈমাৰীত কলহী নৈত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত, দলং নিৰ্মাণৰ দাবী first appeared on নিয়মীয়া বাৰ্তা.