Braking

GMCH ত অগ্নিকাণ্ডৰ ঘটনা


গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড  সংঘটিত হৈছে । GMCH ৰ Minor OT অৰ্থ’পেডিক ডিপাৰ্টমেণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড । অৰ্থপেডিক বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।

সোমবাৰে পুৱা GMCH ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত আতংকময় পৰিৱেশৰ  । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

অগ্নিকাণ্ডৰ পিছতেই ৰোগী আৰু আত্মীয়ৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰোগীক সুৰক্ষাৰ বাবে অন্যান্য বিভাগলৈ স্থানান্তৰ কৰা হয় ।

প্ৰাথমিক অনুসন্ধানত অগ্নিকাণ্ডৰ কাৰণ শ্ব’ৰ্ট চাৰ্কিট বুলি সন্দেহ কৰা হৈছে যদিও নিশ্চিত হোৱা নাই । সৌভাগ্যক্ৰমে , এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা কথা জানিব পৰা হোৱা নাই।

Leave a Reply