Braking

প্ৰতিশোধৰ পৰা ব্যৱসায়লৈ প্ৰাক্তন প্ৰেমিকৰ ভয়ংকৰ প্ৰতিশোধৰ বলি অৰ্চিতা

সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈ বিয়পি পৰিছিল এটা চৰ্চিত নাম । নিষিদ্ধ ছবিজগতৰ নায়িকা ৰূপে অসমীয়া যুৱতীক লৈ সৃষ্টি হৈছিল ভিন্ন কাহিনী , ভিন্ন বাতৰিৰ । কিন্তু পোহৰলৈ আহিছে প্ৰকৃত সত্য ।

ৰহস্য ফাদিল হৈছে Viral অৰ্চিতা সৃষ্টিৰ মূল কাহিনী । প্ৰতিশোধৰ দীৰ্ঘদিনীয়া পৰিকল্পনা চলি আছিল ডিব্ৰগড়ৰ বোৱাৰী অৰ্চিতাৰ বিৰুদ্ধে । ২০১৪ চনত টুইটাৰত অৰ্চিতাৰ নামত একাউন্ট খুলিছিল । ২০২০ চনৰ পৰা আপলোড কৰা হৈছিল যৌনগন্ধী ফটো ভিদিঅ’ । ২০২৩ চনত থ্ৰেডত একাউণ্ট খুলিছিল অৰ্চিতাৰ নামত ।

প্ৰকৃততে চাইবাৰ অপৰাধৰ বলি হৈছিল অৰ্চিতা ফুকন । কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিকে ৰচিছিল এই ষড়যন্ত্ৰ । ডিব্ৰগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিমক । প্রতিমৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত ২৩৪/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ । এই কাণ্ডৰ মূল অভিযুক্ত প্ৰতিমৰ ঘৰ তিনিচুকীয়াৰ ঘিলাপুখুৰী ৰোডত । আজি আদালতত হাজিৰ কৰোৱা হব অভিযুক্ত প্ৰতিমক ।

সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে জনাই যে
অভিযানত উদ্ধাৰ কৰে এটা মোবাইল ফোন , লেপটপ , হাৰ্ড ডিস্ক , পেন ড্ৰাইভ , কেইবাটাও চিম কাৰ্ড । প্ৰথম অৱস্থাত প্ৰতিশোধৰ বাবে অশ্লীল, ফটো ভিদিঅ আপলোড কৰিছিল যদিও পিছলৈ এইবোৰৰ জৰিয়তে অধিক টকা উপাৰ্জন কৰিছিল । ক্ৰমান্বয়ে ই প্ৰতীমৰ বাবে এক ব্যৱসায়ত পৰিণত হৈছিল । বৰ্তমানলৈকে প্ৰায় ১০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল প্ৰতীমে ।

অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া ।

Leave a Reply