অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন প্রতিৰক্ষা আহৰণ পৰিষদৰ (ডিফেন্স একুইজিচন কাউন্সিল) ।
অপাৰেচন সিন্দুৰৰ সফলতাৰ পিচত প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ । অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন প্রতিৰক্ষা আহৰণ পৰিষদৰ (ডিফেন্স একুইজিচন কাউন্সিল) । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ডিফেন্স একুইজিচন কাউন্সিলে ১০টা মূলধনী আহৰণ প্ৰস্তাৱত সন্মতি জনায় । লগতে কয় যে সকলো সমৰাস্ত্ৰ ভাৰতীয় কোম্পানীৰ পৰা ক্ৰয় কৰা হ’ব। সকলো প্ৰস্তাৱ ভাৰতীয় কোম্পানীসমূহৰ জৰিয়তে ‘ Buy (India -IDDM ) ’ শ্ৰেণীৰ অধীনত কাৰ্যকৰী কৰা হ’ব । য’ত থলুৱাভাৱে ডিজাইন কৰা , বিকাশ আৰু নিৰ্মিত ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত কৰা হ’ব।
ভাৰতীয় সেনাৰ বাবে দিব লগা সমৰাস্ত্র সমূহৰ ভিতৰত স্থল সেনাৰ বাবে armed recovery vehicle (ARV) , যাক যুদ্ধৰ সময়ত যুদ্ধ বাহন মেৰামতিৰ বাবে ব্যৱহাৰ কৰা হব । লগতে ক্ৰয় কৰা হব Electronic wireless System , Integrated Inventory System আৰু বায়ুত নিক্ষেপ কৰিব পৰা ক্ষেপনাষ্ট্ৰ ।
ভাৰতীয় নৌসেনাৰ বাবে সক্ৰিয় কৰা হব দীৰ্ঘদিনীয়া প্ৰকল্প মাইন কাউণ্টাৰ মেজাৰ ভেচেলৰ (Mine Counter Measure Vessels ) ,যাৰ মূল্য ৪৪,০০০ কোটি । ২০১৬-১৭ চনৰ সময় ছোৱাত বাতিল হোৱাৰ পিছত মন্ত্ৰালয়ে পুনৰ সজীৱ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে নৌ সেনাৰ বাবে আগবঢ়োৱা হব Moored Mines, Super Rapid Gun mounts । আকৌ Submersible autonomous ভেছেলছ ৰ ক্ৰয়তো সন্মতি প্ৰকাশ DAC ৰ । যাৰ জৰিয়তে নৌ সেনা আৰু ব্যৱসায়িক জাহাজৰ সুৰক্ষা বৃদ্ধি কৰা হব ।
সূত্র অনুসৰি DRDO ৰ উদ্যোগত ৬ টা কেনিষ্টাৰযুক্ত ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পৰা QRSAM (Quick Reaction Surface to Air Missile) প্ৰকল্পৰ বাবে ব্যয় কৰিব ৩০ হাজাৰ কোটি টকা । সূত্ৰই জনোৱা মতে, ভাৰতীয় বায়ুসেনাইও স্থলভাগৰ কাৰ্যকলাপ নিৰীক্ষণ আৰু নিখুঁত লক্ষ্য নির্ধাৰণৰ বাবে ৩খন চোৰাংচোৱা বিমান ক্ৰয়ৰ প্ৰস্তাৱৰ দিছে আগবাঢ়িছে । Defence Research and development organisation অৰ্থাৎ DRDO ই বিমানত এয়াৰবৰ্ণ চিষ্টেম স্থাপন কৰিব ।
ইপিনে, অপাৰেচন সিন্দুৰত আকাশমাৰ্গত ভাৰতৰ ক্ষেপণাস্ত্ৰৰ সফল প্ৰদৰ্শনৰ পিছত লেটিন আমেৰিকা , ব্রাজিলৰ দৰে বিভিন্ন দেশে এই ক্ষেপণাস্ত্ৰ ব্যৱস্থা ক্ৰয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে । বিদেশ মন্ত্র্যালয়ৰ সচিব পি কুমাৰনে লগতে জনাই যে ব্রাজিলে আকাশ ক্ষেপণাস্ত্র ব্যৱস্থাৰ লগতে ভাৰতৰ উপকূল নিৰীক্ষণ ব্যৱস্থা , গৰুড় সমৰাস্ত্ৰ ক্ৰয়ৰ বাবে আগ্রহান্বিত ।